Tripatra (  ত্ৰিপত্ৰ )

Tripatra ( ত্ৰিপত্ৰ )

₹200.00
Brands KHUJ
Product Code: ass-khuj-006
Stock In Stock

OverView

সম্পূৰ্ণ বাস্তৱ জীৱনৰ ওপৰত ৰচিত তিনিখন উপন্যাসিকাৰ একত্ৰ সংকলন-- ত্ৰিপত্ৰ ।  ৰঙ্গমঞ্চ, কংকৰ পথৰ শেষত আৰু শ্ৰী শ্ৰীমান ।  ৰঙ্গমঞ্চ উপন্যাসিকাখনৰ আৰম্ভণিৰ বাক্যাংশ বৰ ৰসাল হৈছে । অনুভৱৰ আলসুৱা ৰাজ্যত তোলপাৰ লগায় এনেদৰে -- " পুৱাৰ ৰঙচুৱা কি...

Product Description

সম্পূৰ্ণ বাস্তৱ জীৱনৰ ওপৰত ৰচিত তিনিখন উপন্যাসিকাৰ একত্ৰ সংকলন-- ত্ৰিপত্ৰ ।  ৰঙ্গমঞ্চ, কংকৰ পথৰ শেষত আৰু শ্ৰী শ্ৰীমান ।  ৰঙ্গমঞ্চ উপন্যাসিকাখনৰ আৰম্ভণিৰ বাক্যাংশ বৰ ৰসাল হৈছে । অনুভৱৰ আলসুৱা ৰাজ্যত তোলপাৰ লগায় এনেদৰে -- " পুৱাৰ ৰঙচুৱা কিৰণ নাৰিকলজোপাৰ স'তে চুপতি মাৰি,  খিৰিকিৰে সৰকি আহি প্ৰিন্সিপাল চাহাবৰ টেবুলত বহিছিল ।  পাতল বতাহজাকত দোল খাইছিল , নাৰিকলৰ জিৰজিৰিয়া পাতবোৰ ।অনিচ্ছাকৃত ভাবে সামান্য লৰচৰ কৰিবলৈ বাধ্য হৈছিল টেবুলৰ ৰ'দখিনি । ৰ'দৰ ইমান জিলমিল সোণোৱালী ৰূপ মই আগেয়ে দেখা নাই । দেখিছোঁ যদিও আজিৰ দৰে উপভোগ কৰা মনত নপৰে ।" এইখিনিৰ পিছতে শিক্ষক-শিক্ষয়িত্ৰীৰ যৌন সম্পৰ্কৰ হেতু কিদৰে মনোকষ্টত ভোগে অভিভাৱকসকল তাৰেই বিশদ বিৱৰণৰ মাজেৰে , টকা ধাৰলৈ নি পিঠি দিয়া শিক্ষয়িত্ৰীৰ স্বভাৱৰ তচনচ বিশ্লেষণৰ তথ্যগধুৰ বিষয়ক কেন্দ্ৰ কৰি আগুৱাই গৈছে ৰঙ্গমঞ্চৰ কাহিনী । 


কংকৰ পথৰ শেষত । এইখনি উপন্যাসত প্ৰস্ফুটিত হৈ উঠিছে প্ৰতাৰক প্ৰেমিকৰ স'তে নায়িকাৰ মানসিক দ্বন্দ্ব ।  পিছে সৰল ব্যক্তিত্ব আৰু শুদ্ধ মনৰ অধিকাৰীয়ে এদিন ন্যায্য অধিকাৰ পাবই । তাৰেই জীয়া দলিল এই কাহিনী । 

শ্ৰী শ্ৰীমান । বিশেষণীয় বিশেষণ প্ৰয়োগ কৰি দিয়া নামটোৱেই শ্লেষাত্মক ভাবনাৰ শেষ বিন্দুত উপনীত হৈছে । শ্ৰীমান নামৰ কৰ্মচাৰীজন বিশ্বাসঘাতকতাৰ জলন্ত প্ৰতীক । এই কাহিনীভাগ আগবঢ়াই লৈ যাওঁতে সামান্যও খোকোজাৰ প্ৰতিবিম্ব দৃষ্টিত নপৰে । সমগ্ৰ উপন্যাসখন দৃশ্যমান হৈ চকুৰ আগত দুলিবলৈ ধৰে । 


সুদীৰ্ঘ কুৰি বছৰৰো অধিক কাল নিৰৱ সাধনাত নিমজ্জিত হৈ থকা লেখিকা গীতালী বৰুৱা,  কৰ্মসূত্ৰে ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ বাসিন্দা ।  আঠখন গল্প সংকলন,  ছখন উপন্যাস, প্ৰবন্ধ সংকলন, নিৰ্বাচিত কবিতা সংকলন প্ৰকাশ পোৱা গীতালী বৰুৱাৰ আৰু তিনিখন উপন্যাস প্ৰকাশৰ বাবে সাজু হৈ আছে । অসম সাহিত্য সভাৰ ২০১২ চনৰ  বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা গল্প সংকলনৰ নাম --- সমাবৃত

লেখিকা -গীতালী বৰুৱা

Write a review

Note: HTML is not translated!
    Bad           Good

When you order from AssamCart.com, you will receive a confirmation email. Once your order is shipped, you will be emailed the tracking information for your order's shipment. You can choose your preferred shipping method on the Order Information page during the checkout process.

The total time it takes to receive your order is shown below:

The total delivery time is calculated from the time your order is placed until the time it is delivered to you. Total delivery time is broken down into processing time and shipping time.

Processing time: The time it takes to prepare your item(s) to ship from our warehouse. This includes preparing your items, performing quality checks, and packing for shipment.

Shipping time: The time for your item(s) to tarvel from our warehouse to your destination.

Shipping from your local warehouse is significantly faster. Some charges may apply.

In addition, the transit time depends on where you're located and where your package comes from. If you want to know more information, please contact the customer service. We will settle your problem as soon as possible. Enjoy shopping!

₹110.00
₹220.00
₹220.00
₹100.00
₹150.00
₹120.00